সপোন

সপোন এটাৰ আৰম্ভণি আছিলহে
হঠাৎ সাৰ পাই উঠিলো
সকলো ৰসস্বাদ মনৰ পৰা
সুলকি পৰিল।
মই যেন কিবা এটি বুজি উঠিলো
আঁচলতে এটি ভাল সপোন দেখিবলৈও
এখন প্ৰেমিক হৃদয়ৰ প্ৰয়োজন।
যিয়ে পোহৰাই ৰাখে
জীৱনৰ সেউজীয়া খিনি৷

                ✍কিশোৰ কুমাৰ মেধি
                       টিহু,
                    24/06/2020
                   --------------------