~~~তথাপি  তই  মোৰ  প্ৰিয়~~~


কতো  যে  সপোন
  তোৰ  বুকুতে  আজি  সমাধি  হল
জাহ  গল  কতো 
সোণালী  ইতিহাস,
তথাপিতো  বুঢ়া লুইত
তই  মোৰ  প্ৰিয়।
তোৰ  পাৰতেই  বিচাৰি  পাওঁ
মাদকতাৰে  ভৰা 
যৌৱনৰ  আদিপাঠ।
তোক  দেখিলেই চোন
শৈশৱৰ  ধিতিঙালি  বোৰে
হৃদয়ত  উক  দি  উঠে,
হয়তো  আকৌ  এবাৰ
সজীৱ  হব  বিচাৰে।
আমাৰ  সপোনবোৰ 
বুকুত  সুমুৱাই
তই  এতিয়া  সদ্যস্নাতা  গাভৰু
সেয়ে  মই  বাৰে  বাৰে
তোৰ  প্ৰেমত  পৰো।
  তোৰ  বুকুতেই
বিচাৰি  পাওঁ
মোৰ  আজোককাৰ
চিনাকি  সুবাস
সেয়হে  তোক  পাহৰিব  নোৱাৰো  মই।
ধ্বংসৰ  তাণ্ডৱলীলাত
জহিখহি  গল
বুকুৰ  অলেখ  কেচা  সপোন
নিৰৱে  চকুলো  টুকি
পুনৰাই  তোৰেই  প্ৰেমত  পৰো
সকলো  পাহৰি  কিয়  জানো
পুনৰাই  তোকেই  সাৱটি  ধৰো।
তইয়েই  যে  এতিয়া
সকলো  মোৰ
তইয়ে  মান,  তইয়েই অভিমান
স্মৃতিৰ  দাপোণতো 
মাথো  আজি  তোৰেই  জয়  জয়গান।