যদিহে মানৱ তুমি
কোলা এৰি দৌৰা বহুদিনেই হ'ল,ক্ষত বিক্ষত জীয়াত
জীৱন নামৰ এই নৈখন
বৰ কষ্টকৰ অ'....
কোলাত মূৰটো থ'বলে
সংগ্ৰামৰ বাহিৰেতো এতিয়া
আৰু একোৱেই নাই..
কাঁহ এটা চিটিকি পৰিলে
ক'ৰবাত বুকু এখন বিষায়
বুলি কবলৈও ৰিক্ত বতাহৰ
সান্নিধ্যই ভিৰ কৰে,
মানৱ বাবেই পৃথিৱী পৃষ্ঠৰ
ওজনবোৰ উশাহে বিবেচনা কৰে,
এইয়াই চাগে জন্মৰ দৌৰ ...
মোৰ আইৰ হাঁহিৰ খলকনি ॥
জয়ন্ত ২৭/০৬/২০
Post a Comment
Post a Comment