বিচাৰি ফুৰিছো এখনি হিয়া
য'ত আছে দয়াৰে ভৰা
এক বহল গভীৰ সাগৰ
যি গভীৰতাত বিনাদ্বিধাই
হেৰুৱাই পেলাব পাৰি
সকলোবোৰ বিষাদ ।
বিচাৰি ফুৰিছো
এযোৰ নীলাভ চকু,
নাই য'ত হিংসাৰ উন্মাদনা
নাই কোনো স্বাৰ্থ বিৰাজিত
আছে মাথো
অসীম মমতা ভৰা
এক মধুৰ কিৰণ
যি কিৰণে পথ দেখুৱাই
আদিৰ পৰা অনন্তলৈ
পৃথিৱীৰ পৰা আকাশলৈ
সেয়ে আজি তাৰ লগত
কথা পাতিব বিচাৰিছো
আৰু বুটলি ল'ব বিচাৰিছো
অলপ মৰম অলপ দয়া আৰু
অকণ সহানুভূতি
প্ৰাণটো জীয়াই ৰখাৰ আশাৰে ।।
-মৌচুম গগৈ_
য'ত আছে দয়াৰে ভৰা
এক বহল গভীৰ সাগৰ
যি গভীৰতাত বিনাদ্বিধাই
হেৰুৱাই পেলাব পাৰি
সকলোবোৰ বিষাদ ।
বিচাৰি ফুৰিছো
এযোৰ নীলাভ চকু,
নাই য'ত হিংসাৰ উন্মাদনা
নাই কোনো স্বাৰ্থ বিৰাজিত
আছে মাথো
অসীম মমতা ভৰা
এক মধুৰ কিৰণ
যি কিৰণে পথ দেখুৱাই
আদিৰ পৰা অনন্তলৈ
পৃথিৱীৰ পৰা আকাশলৈ
সেয়ে আজি তাৰ লগত
কথা পাতিব বিচাৰিছো
আৰু বুটলি ল'ব বিচাৰিছো
অলপ মৰম অলপ দয়া আৰু
অকণ সহানুভূতি
প্ৰাণটো জীয়াই ৰখাৰ আশাৰে ।।
-মৌচুম গগৈ_
Post a Comment
Post a Comment