কোনোবা আপোনজনক সপোন দেখুৱাই,মিছা আশা দি গুচি নাযাবা ,গুচি যোৱাটো উচিৎ নহয় ।
জীবনটো
তোমাৰ ,জীবনটোক কিভাবে সজাবা সেই সিধান্তটো লোৱাৰ
অধিকাৰ ও তোমাৰ । তোমাৰ যদি মনে কয় হয় সেই
মানুহজনে তোমাক বিৰক্ত
কৰিছে তুমি তেওঁক পাহৰি যাবা ,তেনেহ'লে পাহৰি যোৱা কোনো দৰকাৰ নাই
মনত ৰখাৰ । তোমাৰ জীবনটো তুমি সুন্দৰ ভাবে সজোৱা ।
তোমাৰ জীবনলৈ ভালপোৱা আহিব পাৰে । হাজাৰটা প্রেমৰ
প্রস্তাব তুমি পাব পাৰা ।এইবিলাক কোনো গুৰুত্বপূর্ণ বেপাৰ
নহয় । তোমাৰ যাৰ সৈতে জীবন সজাবৰ ইচ্ছা হয় ,তুমি তাৰ
সৈতেই বাকিখিনি সময় পাৰ কৰিবা । এইটোৱেই নিয়ম ।জগতৰ
সকলোকে তুমি "হা" উত্তৰ দিব নোৱাৰা ।
সকলোকে তুমি সুখি ৰাখিব নোৱাৰা ।জীবন তোমাৰ সিধান্ত
তোমাৰ ।
কিন্তু এজন'ৰ সৈতে অনেকদিন সম্পর্ক ৰখাৰ পিছত এদিন
কৈ দিলা আচলতে তোমাক আৰু আগৰ
দৰে ভাল নালাগে ।প্লিজ মোক আৰু বিৰক্ত নকৰিবা ।
এই অধিকাৰ তোমাক কোনে দিছে ? এই অধিকাৰ তোমাৰ নাই ।
ৰিলেছনলৈ যাবলৈ ইচ্ছা নাথাকিলে কৈ দিয়া যে তোমাৰ
পক্ষে সম্ভব নহয় ।তুমি ৰিলেছনলৈ যাব নোৱাৰিবা ।
এজনক সপোন দেখুৱাই তেওক নদীৰ মাজত ৰাখি আশা দিয়া ঠিক
নহয় । তোমাৰ মনৰ কেনভাচত কাক তুমি প্রবেশ অধিকাৰ
দিবা সেইটো তোমাৰ কথা । কিন্তু মুহূর্তৰ ব্যবধানত নিজকে পৰিবর্তন কৰি তেওঁক ফোনত গালি দি তাৰপিছত
তেওঁৰ নাম্বাৰ ডিলিট কৰি ,তেওঁক ব্লক লিস্টলৈ ঠেলি দি
তেওঁক অকলশৰিয়া কৰি দিয়াৰ কোনো যুক্তি তোমাৰ ওচৰত থাকিব নালাগে বা নোৱাৰে ।
অকলে অকলে থাকা অনেক ভালে থাকিবা ।
কিন্তু টাইম পাছৰ বাবে কাকোকে স্বপ্ন দেখুওৱাটো ঠিক নহয় ।
কাৰোৰে হৃদয়ৰ সেই সৰু ঘৰটো ভাঙি দি গুচি নাযাবা ।
অভিশাপ বস্তুটো বহুত বেয়া । কেতিয়া সি তোমাৰ নিজৰ
জীবনত প্রভাব পেলাব সেই কথা কিন্তু তুমি নাজানিবা ।
--মৌচুম গগৈ__
Post a Comment
Post a Comment