"ভালপোৱাৰ অনুভূতি জানিবলৈ বেছি চিন্তা কৰিবলগা নহয়..."
যিজন মানুহৰ সৰু এটা মেছেজ পঢ়িবলৈ গৈ নিজৰ অজানিতেই তোমাৰ ওঁঠৰ কোণত মিচিকিয়া এটা হাঁহি ফুটি ওঠে,সেই মানুহজনকেই দৰকাৰ তোমাৰ !!
অনেক ব্যস্ততাৰ মাজতো মাজে মাজে মোবাইলটো উলিয়াই যদি তুমি কোনো এজন বিশেষ মানুহৰ ফোন বা মেছেজৰ পৰীক্ষা কৰা, সেই মানুহজনকেই তোমাৰ দৰকাৰ !!
ধৰা, তুমি এজন মানুহৰ ওপৰত অনেক খং কৰি আছ ... কিন্তু সেই অবস্থাতে মানুহজনে যদি তোমাক মাতে, তুমি তেওঁক মাত নিদিয়াকৈ থাকিব নোৱাৰা ... খং খিনি মুখতে চেপি ধৰি তুমি আস্তে আস্তে মানুহজনৰ ওচৰলৈ যাবা ... জানি থোৱা, সেই মানুহজনকেই তোমাৰ দৰকাৰ !!
খুব হতাশা বা কষ্টৰ মুহুর্ত এটাত যদি তুমি তোমাৰ কাঁন্ধত এজন মানুহৰ হাতৰ অভাব অনুভব কৰা, জানিবা, সেই মানুহজনকেই তোমাৰ দৰকাৰ !!
অনেক আনন্দৰ মাজতো যদি নিসংগ বোধ কৰা, তোমাৰ কাষত কাৰোবাৰ এটা হাঁহিৰ শব্দ তোমাৰ খুউব শুনিবলৈ ইচ্ছা হৈছে ... জানি থোৱা,সেই মানুহজনকেই তোমাৰ দৰকাৰ !!
চিন্তাৰ বিষয়টো তাতেই, তোমাৰ যি মানুহজনক দৰকাৰ, সেই মানুহজনকো তোমাৰেই দৰকাৰ কিজানি ... তুমি সেই মানুহজনৰ অভাব যিমান অনুভব কৰা, সেই মানুহজনেও তোমাৰ অভাব অনুভব কৰে কিজানি !!
গণিতৰ ভাষাত ঠিকেই ২ য়ে ২ য়ে ৪ মিলি যায় ... বাস্তবত নিজৰ ২ ৰ সৈতে ৪ মিলাবৰ বাবে অন্য এটা ২ বিচাৰি পোৱা নাযায় !!
তুমি যাৰ বাবে ২, সি তোমাৰ বাবে ২ নহয় ... তোমাৰ বাবে যি ২, তুমি তেওঁৰ বাবে ২ নহয় ... এইভাবেই ৪ নিমিলে কেতিয়াও ... হিচাব নিমিলে... মিলিছে কেৱল অভাব ... কাষত থিয় দিব পৰা এজন মানুহৰ ভীষণ অভাৱ।।
-মৌচুম গগৈ_
Post a Comment
Post a Comment