জীৱনৰ মেৰপাকত
উন্মনা অবুজ মনত ভৰি পৰিছিল
নিস্তব্ধতা ভৰা এক বি়ষাদ
বাৰে বাৰে উকি মাৰি মনৰ নিৰৱতা ভাঙি
হৃদয়ত বিয়পি পৰিছে তোমাৰ মৰম হৈ
এই মৰমৰ পৰশত বিষাদ আতৰি
দেহ মন ভৰি পৰিছে আজি
জীয়াই থকাৰ নতুন আশাৰে…!!
বুকুৰ মাজত হাঁহাকাৰ কৰি থকা আশাবোৰেও
তোমাৰ হাতৰ মৰমৰ পৰশ পাই,
মোৰ হৃদয়ৰ অনুভূতিবোৰ শিহৰিত হয়
উদুলি মুদুলি ভাৱবোৰে
আকি দিয়ে মনত
মোৰ প্ৰেম ভৰা আকাশৰ
খেলিমেলি বিন্দুবোৰ…!!
উন্মনা অবুজ মনত ভৰি পৰিছিল
নিস্তব্ধতা ভৰা এক বি়ষাদ
বাৰে বাৰে উকি মাৰি মনৰ নিৰৱতা ভাঙি
হৃদয়ত বিয়পি পৰিছে তোমাৰ মৰম হৈ
এই মৰমৰ পৰশত বিষাদ আতৰি
দেহ মন ভৰি পৰিছে আজি
জীয়াই থকাৰ নতুন আশাৰে…!!
বুকুৰ মাজত হাঁহাকাৰ কৰি থকা আশাবোৰেও
তোমাৰ হাতৰ মৰমৰ পৰশ পাই,
মোৰ হৃদয়ৰ অনুভূতিবোৰ শিহৰিত হয়
উদুলি মুদুলি ভাৱবোৰে
আকি দিয়ে মনত
মোৰ প্ৰেম ভৰা আকাশৰ
খেলিমেলি বিন্দুবোৰ…!!
Post a Comment
Post a Comment