■■প্ৰেমিক চৰাই■■

মই এক প্ৰেমিক চৰাই,
কত ঠাই ঘূৰি ফুৰিলো
মোৰ অকণমানি ডেউকা কোবাই,
গছে গছে ডালে পাতে
তথাপিও বাৰে বাৰে ঘূৰি আহো
তোৰ হৃদয় চামিয়ানাৰ
তলতে আছে মোৰ হেঁপাহৰ ঠাই।
তোৰ ঝংকাৰিত হৃদয়বীণাৰ
মধুগুঞ্জণে বাৰে বাৰে
মাতে মোক ৰিঙিয়াই।
মই মোৰ বাহটো সাজিবৰ কাৰণে
খেৰকূটা নুফুৰো গোটাই
তোৰ বুকুতেহে পাওঁ মই শান্তিৰ ঠাই।
তই কিন্তু মোক কেতিয়াও
নিদিবি হুৰাই।
পল পল অনুপল কৰি সময়বোৰ
পাৰ হৈ যায়,
তোক ভালপোৱাৰ অনুভূতিখিনিয়েই
দেখোন মোৰ মন আছে জুৰাই।
তই কিন্তু মোক ভালপাওঁ বুলি নকলেও
বেয়া পাওঁ বুলি নকবি ফুটাই।
তইটো জানই মই প্ৰেমিক চৰাই,
মোৰ সমস্ত ভালপোৱাৰে
তোৰ অনুভৱবোৰ দিম সজাই।
এদিন তোৰ ঝংকাৰিত হৃদয়বীণাৰ তালত
নাবাজিব মোৰ প্ৰাণৰ জুনুকা,
তইটো জানই আমাৰ জীৱনবোৰ
বৰ ঠুনুকা।
তেতিয়া পৰি ৰব মাথোঁ মোৰ
সোণালী সময়ৰ দুটি পাখি,
তই তাক তোৰ স্মৃতিৰ এলবামত
থবি ভৰাই আৰু মানুহে সুধিলে কবি
"এইয়া প্ৰেমিক চৰাইৰ পাখি
মোৰ স্মৃতিয়ে যাক এতিয়াও
অনাদৰ কৰা নাই।"
-----------------------
✍️ SAGORIKA DEVI