**মোৰ প্রেমৰ অনুভৱ**
প্রেম হৈছে ঈশ্বৰৰ দান ।যাক স্পর্ষ কৰিব নোৱাৰি,
দেখাও পোৱা নাযায় ।
মাথু মনৰ অনুভবৰ
কুঠালিত দুখন হিয়াৰ মিলনেই প্রেমক
জীপাল
কৰি ৰাখে।
প্রেম হৈছে স্বর্গীয় অবদান।
ই কেতিয়াও জাতি কুল
ধনি দুখিয়া নাবাচে ।
বিচাৰে মাথু এখন হৃদয়ৰ
মৰমৰ সলনি আন এখন
হৃদয়ৰ নিভাজ সঁছা মৰম
এধানি । বিচাৰে সংগোপনে
অকন মান মৰম ।
হৃদয়ে প্রেম লৈ নোফুৰে ।
প্রেমেই সাজি লয়
কলিজাত আশাৰ বালি
ঘৰ । পৰো বুলিও কোনেও
কাৰোৰে প্রেমত পৰিব
নোৱাৰী । প্রেম নিজেই
আহে সংগোপনে
কলিজাৰ দূৱাৰ খোলি ।
নজনাকৈয়ে প্রাণ ভৰি
ভাল লাগে কাৰোবাক ।
প্রেম আছে বাবেই হৃদয়ত
মৰম আছে । আৰু সেই
মৰমেই এদিন পাখি মেলি
প্রেমৰ শিকলিৰে বান্ধ খাই
পৰে এখন হৃদয়ে আন
এখন অচিনা হৃদয়ত ।
সেয়ে বোলে প্রেম অন্ধ ।
নজনাকৈ নেদেখাকৈ
নুবোজাকৈ কোন কেতিয়া
কাৰ প্রেমত পৰিব পাৰে
কোনেও কব নোৱাৰে ।
✍️বিল্লাল হুছেইন
Post a Comment
Post a Comment