জীৱনক ভালপাওঁ।
জানো মৃত্যুলৈকে ধীয়াই জীৱন আগবাঢ়ে।
অনেক খলা-বমা আছে তাত। কাঁইটীয়া বাটে বাৰে বাৰে বাট আগচি ধৰে।
তথাপিওচোন হাঁহিবোৰ ভাল লাগে।
আজিও নুবুজিলো জীৱন কি ?
এফালে যদি পোৱাৰ আনন্দ
আনফালে আক' পায় হেৰুৱাৰ
বেদনা । যদি খন্তেকতে দি যায়
সীমাহীন সুখ আকৌ খন্তেকতে
ভুমুকি মাৰে মৃত্যুসম যন্তণায় ।
সচাকৈয়ে সুখ-দুখৰ চাকনৈয়াত পৰি
সুখৰ সংসাৰ নামৰ মৰিচীকা টিৰ
পাছে পাছে দৌৰি ফুৰাটোৱেই
নেকি জীৱন???? নে অশান্ত
সাগৰত উটি-ভাঁহি ফুৰা বঠাহীন
নাওঁ???? লক্ষ্য যাৰ আকাশ চুমাৰ,
কিন্তু নাই কোনো সঠিক পথৰ
সন্ধান !!!!!
অচিন কাঠৰ ঠুৰা লগাৱ নাপায়…।
সচাই মই সকলো যানিও ভুল কৰিলোঁ
আৰু সেই ভুলৰ পৰিনামো ভালদৰে পালোঁ,
জীৱনত ছাগে আৰু মোৰ প্ৰেম ন'হৱ,,,,
 আৰু হ'ৱনো কেনেকৈ…
এবাৰ হৃদয় খন ভাঙি থান বান হৈ গ'ল…!
ইয়াৰ পিচতো জানু মন যাই
আকৌ এৱাৰ প্ৰেমত পৰিৱলৈ,
নোৱাৰিম কেতিয়াও নোৱাৰিম মৰহাৰ ফুলৰ পুলিত যিমানেই,,,,,,
পানি নিদিয়ক নো কিয়…
তথাপিও কিন্ত ফুল পাহ মৰহিয়েই থাকিৱ
কেতিয়াও পুনৰ জীৱিত হৈ নোঠে……
এৰা মোৰ কপালত এয়াই লিখা আছিল।।
         -মৌচুম গগৈ