#বিষাদ কিয় ভাল পোৱা তুমি#
তুমি কোন নজনাকৈয়ে তোমাৰ
হৃদয়খন চুৰ কৰিছিলো,
তুমি কি বিচাৰা নুসোধাকৈয়ে তোমাৰ
কলিজাৰ আপোন হৈছিলো।
তোমাৰ বাবেই পুৱাৰ বেলিটি সাৰ
পোৱাৰ আগত দুচকু মেলিছিলো,
তোমাৰ হাঁহিবোৰৰ বাবেই দুবৰিক
গাভৰু কৰা ৰ'দজাকৰ চিনাকি
হৈছিলো।
তুমিতো নাছিলা মৰুৰ মৰিচিকা,
নাছিলা তুমি জোনাক থেলি আন্ধাৰ
নমোৱা আঁউসীৰ ৰাতি,
তেন্তে ৰাতিবোৰ ভালপোৱাৰ
কাৰন...
তুমি জোনাকী নেকি?
তোমাৰ খোজৰে খোজ মিলাই
ধূলিয়ৰি বাটত সিচিছিলো কৃষ্ণচূড়াৰ
পাহি,
তেন্তে খোজবোৰ থমকি ৰোৱাৰ
কাৰণ নাজানিলো।
তথাপিওঁ তোমাৰ মৰমেৰেই বিচাৰো
শিমলুৰ ৰঙবোৰ।
মই জানিছো তুমি আন্ধাৰৰ ছবি
আঁকি পোহৰক পাহৰাৰ দৰে দুখৰ
কেনভাচত সুখবোৰো আঁকিব
নিবিচাৰা এতিয়া।
তুমি এনেকৈ কিদৰে সুখী থাকা
নাজানো,
এবুকু বিষাদৰ চকুলো সামৰি লৈ।
বাৰে বাৰে মাথো নিজকে সোধো
বিষাদ কিয় ভাল পোৱা তুমি...।।
     -মৌচুম গগৈ