আপুনি প্ৰেমত প্ৰতাৰিত হৈছে? কাৰোবাক মনে প্ৰাণে জীৱন সংগী কৰাৰ আশা পুহি ৰাখিছিল
যদিও আপোনাৰ সপোন পূৰণ নহ'ল৷ দুখ নকৰিব৷ সুখী হওক আপুনি৷ আপুনি সুখী হব পাৰিবই লাগিব৷ আপোনাতকৈ আন কোনোবাই জানো তেখেতক ভালপাব পাৰিব?
আপুনি জীয়াই থাকক, বুকুৰ একোণত কঢ়িয়াই লৈ ফুৰক উমি উমি জ্বলি থকা জুইকুৰা! তেনেকেই আচুতীয়াকে ৰাখি থওক আপোনাৰ প্ৰেম ভালপোৱা৷ এদিন আপুনি ভীষণ সুখী হব পাৰিব৷ অপেক্ষা কৰকচোন…প্ৰকৃতিলৈ এবাৰ মন কৰক, দিন যায় আহে ৰাতি, এজাক বৰষুণে আপুনাক পলকতে তিয়াই গ'ল, আকৌ এজাক ৰ'দে আপুনাক শুকোৱাই নিলে৷ পৃথিৱীত সকলো ক্ষন্তেকীয়া… সাগৰৰ ঢৌৰপৰা আৰম্ভ কৰি আপোনাৰ জীৱনটোলৈকে সকলো অস্থায়ী৷ নিজক নিজৰ হাতৰ মুঠিত সযতনে ৰাখক৷ আপোনাৰ কৰিবলগা বহু কাম বাকী আছে৷ একান্তমনেৰে নিজৰ দায়িত্ব পালনত মগ্ন হওক৷ আপুনি সুখী হব পাৰিব৷
মজাৰ কথাটো কি জানেনে- আপুনি মই বহুত ভা গ্য বান৷ সেয়ে বিধাতাই আমাৰ ৰং চায়৷ হাৰ নামানিব দেই কেতিয়াও… যুজক পৰিস্থিতিৰ সৈতে… জীৱনৰ সৈতে৷ প্ৰকৃততে যিজনৰ জীৱনত দুখ নাই তেওতকৈ দুৰ্ভগীয়া আন কোনো নাই৷ আপুনি মই ভাগ্যৱান… সেয়ে আমাৰ সুখ আছে৷ আমি আগতেও সুখী আছিলো… এতিয়াও সুখেৰে আছো… আমাৰ প্ৰেম আছে, নিসংগতা আছে, এটা সোণোৱালী অতীত আছে আৰু কি লাগে??
-মৌচুম গগৈ…।
Post a Comment
Post a Comment