স্মৃতিৰ এনাজৰী
****************স্মৃতিৰ এনাজৰী ডাল চিৰযুগমীয়া,
যুগ যুগান্তৰৰ অফুৰন্ত গতিত,
নীৰৱে চকুপানী সৰে
লগৰীয়া মাথোন এটি হুমুনিয়াহ।।
শৈশৱৰ স্মৃতিয়ে
আনন্দতে হিয়া জুৰায়
উমলি জামলি কৰা শৈশৱৰ
ল'ৰা ধেমালি বোৰে বাৰে বাৰে
স্মৃতিক ৰোমন্থন কৰে।।।
দহোটা আঙুলিৰ ফাকেৰে
সৰকি যোৱা দুকুৰিটা বছৰ
অতীত হৈ গ'ল
গমকে নাপালো
পাৰ হল কেনেকৈ।।।।
নতুন সমীকৰণত
আৰম্ভনি কৰা জীৱনটোত
নতুনৰ বাতাবৰণে স্পৰ্শ কৰে।।।।।
অনুভৱৰ তীব্ৰ বাসনাত
সহস্ৰজনৰ মিশ্ৰিত প্ৰেৰণাই,
সপোন আৰু বাস্তৱৰ দোমোজাত,
নিগৰিছিল দুধাৰি অশ্ৰু অজ্ঞলি।।।।।।।
========.===========
হিমানী চৌধুৰী
30/05/2020
*******************************
Post a Comment
Post a Comment